মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

কাৰ্য্যাৱলী আৰ উদ্দেশ্য

কাৰ্য্যাৱলী–

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ কেতবোৰ গুৰুত্বপূৰ্ণ কৰ্ম পৰিকল্পনা হল-

  • খাদী আৰু গ্ৰামোদ্যোগৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা জিলা আৰু ক্ষেত্ৰ কাৰ্যালয়সমূহৰ জৰিয়তে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে কৰ্যক্ৰমসমূহ পৰিকল্পনা যুগুতোৱা সমাবেশ কৰা ৰূপায়ণৰ ব্যৱস্থা কৰে।
  • খাদী আৰু গ্ৰামোদ্যোগৰ কাৰ্যক্ৰমৰ ৰূপায়ণ কৰিব পৰাকৈ বোৰ্ডৰ ৰাজ্যজুৰি বিশাল আন্তঃগাঁঠনি আছে। জিলা আৰু ক্ষেত্ৰ কাৰ্যালয়সমূহৰ জৰিয়তে বোৰ্ডে বিকেন্দ্ৰীকৰণ প্ৰক্ৰয়াৰে ৰাজ্যখনৰ পাহাৰ ভৈয়ামৰ গ্ৰামাঞ্চলসমূহৰ লগতে প্ৰত্যন্ত এলেকা কাৰ্যক্ৰম ৰূপায়ণ কৰে।
  • খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড উত্তৰণমূলক কাৰ্যক্ৰমে জড়িত এক প্ৰতিষ্ঠান। এই বোৰ্ডে খাদী আৰু গ্ৰামোদ্যোগ পৰিষদৰ পৃষ্ঠপোষকতাৰে বিভিন্ন ধৰণৰ কূটীৰ উদ্যোগ স্থাপন কৰি গ্ৰামাঞ্চলত নিয়োগ সম্ভাৱনা সৃষ্টিৰ লগতে গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰে। বিপণনৰ দৰে কাম-কাজৰে জড়িত হৈ থাকে যদিও এই বোৰ্ডৰ মুনাফা লুটাৰ কোনো অভিপ্ৰায় নাথাকে। ই খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ নীতি আদৰ্শৰে পৰিচালিত হয়।
  • অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে কূটীৰ শিল্পৰ লগতে ব্যক্তিবিশেষলৈ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ প্ৰয়োজনীয় প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰি খাদী আৰু গ্ৰামোদ্যোগৰ সম্প্ৰসাৰণ আৰু স্বচ্চলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শকৰ ভূমিকা ৰূপায়ণ কৰে।

উদ্দেশ্য-

      খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে গ্ৰহণ কৰা লক্ষ্য-উদ্দেশ্যসমূহ হল-

  • সামাজিকভাৱে নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰি নিযুক্তিৰ পৰিসৰ বৃদ্ধি কৰা
  • অৰ্থনৈতিকভাৱে বিক্ৰীযোগ্য সা-সামগ্ৰীৰ উত্পাদন নিশ্চিত কৰা।
  • দৰিদ্ৰসকলৰ মাজত আত্ম-নিৰ্ভৰশীলতাৰ পৰিৱেশ সৃষ্টি কৰাৰ ুপৰি গাঁৱৰ ৰাইজৰ মাজত উদ্যমশীলতা সৃষ্টিত অৰিহণা আগবঢ়োৱা।