মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

লক্ষ্য আৰু অভিযান

            অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে এনে এক সংস্থা যিয়ে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে (কে.ভি.আই.চি.) যুগুতোৱা বিভিন্ন আঁচনি তথা কাৰ্যক্ৰম ৰূপায়ণ কৰাৰ লগতে খাদী উদ্যোগ স্থাপন কৰি গ্ৰামাঞ্চলত নিয়োগ সম্ভাৱনীয়তা সৃষ্টি কৰে। কে.ভি.আই.চি.ৰ পৃষ্ঠপোষকতাৰে ৰাজ্যিক খাদী বোৰ্ডে দৰাচলতে গ্ৰামীণ অৰ্থনীতিৰ উত্তৰণ সাধন কৰি সামগ্ৰিকভাৱে ৰাজ্যৰ অৰ্থনৈতিক উত্তৰণত সহযোগিতা আগবঢ়োৱাৰ দায়িত্ব পালন কৰে। খাদী সামগ্ৰীৰ বিপণনৰে জড়িত থাকিলেও এই কথা উল্লেখ কৰিবই লাগিব যে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে কে.ভি.আই.চি.ৰ নীতি নিৰ্দেশনা সাৰোগত কৰিয়েই কোনো ধৰণৰ মুনাফা আদায়ৰ লক্ষ্যৰে কৰ্ম সম্পাদন নকৰে। দৰাচলতে খাদী আৰু গ্ৰামোদ্যোগ আঁচনি ৰূপায়ণৰ জৰিয়তে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে নিম্নোল্লেখিত লক্ষ্যসমূহ পূৰণৰহে প্ৰয়াস কৰে। -যথা-

            ১। গাঁৱৰ দৰিদ্ৰ শিপিনী/কাৰিকৰসকলক ঘৰতে কামৰ যোগান ধৰি অৰ্থনৈতিক সকাহ দানৰ ব্যৱস্থা কৰা।

            ২। গাঁৱৰ দাৰিদ্ৰ প্ৰশমিত কৰা

            ৩। গ্ৰামাঞ্চলত নিয়োগ সম্ভাৱনা সৃষ্টি কৰা।

            ৪। অৰ্থনৈতিক বৈষম্য আঁতৰোৱাৰ প্ৰয়াস কৰা