মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

ইতিহাস

  • জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ সপোন বাস্তৱায়িত কৰি ৰাজ্যখনৰ গ্ৰামাঞ্চলসমূহত খাদী আৰু গ্ৰামোদ্যোগৰ প্ৰসাৰ, প্ৰচাৰ আৰু উত্তৰম সম্ভৱ কৰি তোলাৰ লক্ষ্যৰেই অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড স্থাপন কৰা হৈছিল। গ্ৰামাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত জড়িত বিভিন্ন বিভাগ, সংস্থা, সংগঠনসমূহৰ সৈতে সংগতি ৰাখি গাঁও আৰু প্ৰত্যন্ত এলেকাসমূহত খাদী আৰু গ্ৰামোদ্যোগৰ পৰিকল্পনা, উত্তৰণ, সংগঠন তথা এই সম্পৰ্কীয় কৰ্ম-আঁচনি ৰূপায়ণৰ দায়িত্ব বহন কৰে এই বোৰ্ডে।

                কেঁচা সামগ্ৰীৰ সংগ্ৰহ, উত্পাদকসকললৈ সংগৃহীত সামগ্ৰীৰ বিতৰণ, উত্পাদিত সামগ্ৰীৰ বিপণন আদিৰ ব্যৱস্থা কৰে এই বোৰ্ডে। খাদী আৰু গ্ৰামোদ্যোগৰে জড়িত শিপিনী, কাৰিকৰীসকলৰ প্ৰশিক্ষণ আদিৰো এই বোৰ্ডে ব্যৱস্থা কৰি দিয়ে।