মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

গ্ৰামোদ্যোগ

            গ্ৰামাঞ্চলত স্থাপন কৰা যিকোনো উদ্যোগ, সেয়া লাগিলে বিদ্যুত সঞ্চালিক হওকেই বা নহওকেই, উত্পাদনৰে জড়িত অথবা অন্য সেৱাৰে জড়িত আৰু খাদী আৰু গ্ৰামোদ্যোগ পৰিষদে সময়ে সময়ে স্বীকৃতি দান কৰা উদ্যোগসমূহকে গ্ৰামোদ্যোগ বুলি চিহ্নিত কৰা হয়। এনে উদ্যোগত সাধাৰণতে সাধাৰণ কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰি গ্ৰামাঞ্চলত উপলব্ধ কেঁচামালৰ সংসাধনেৰে স্থানীয় বজাৰৰ বাবে সা-সামগ্ৰী উত্পাদিত কৰা হয়। এনে উদ্যোগৰ প্ৰসাৰ সমীপৱৰ্ত্তী বৃত্ উদ্যোগৰ চাহিদা আৰু কৃষিৰ বিকাশ তথা স্থানীয় অঞ্চলসমূহৰ আৱশ্যকীয় সা-সুবিধাৰ বৰ্দ্ধিত চাহিদাৰ ওপৰত নিৰ্ভৰ কৰে। কৃষিক্ষেত্ৰৰ বিকাশৰ লগে লগে গ্ৰামোদ্যোগ উত্পাদিত সা-সামগ্ৰীৰ প্ৰয়োজনীয়তাসমূহৰো প্ৰসাৰ ঘটিবলৈ ধৰিছে। ইফালে গ্ৰাম্য জীৱনক প্ৰভাৱিত কৰা সা-সুবিধাসমূহ যেনে- বিশুদ্ধ খোৱাপানী যোগান, ৰাজপথ পোহৰোৱাৰ দিহা, অনাময়, চিকিত্সালয়, খেলপথাৰ, সমূহীয়া কেন্দ্ৰ, বাট-পথ আদিৰ প্ৰসাৰে গ্ৰামোদ্যোগসমূহৰ বাবে ভিন্ন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে। আৱৰ্জনাক সাৰোগত কৰি গৰু-ছাগলীৰ গোবৰৰ পৰা ৰন্ধন গেছ, পেলনীয়া দ্ৰব্যৰ পৰা পচন সাৰৰ উত্পাদন, অ-ভক্ষ্য তেলৰ পৰা চাবোন প্ৰস্তুত কৰাৰ অৰ্থনৈতিকভাৱে লাভজনক কৰ্ম-কাণ্ডই গ্ৰামোদ্যোগৰ উত্তৰণ-উন্নয়নৰ ক্ষেত্ৰখন বাৰুকৈয়ে প্ৰসাৰিত কৰিছে বুলি ন-দি কব পাৰি।

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ড আইনৰ অধীনত খাদী আৰু গ্ৰামোদ্যোগসমূহ হল-

            ১ -        খাদী

            ২ -       গ্ৰাম্য তেল উদ্যোগ

            ৩ -       অভক্ষ্য তেলৰ পৰা চাবোন ংতৈয়াৰ কৰা উদ্যোগ

            ৪ -       ধান বনা কল

            ৫ -       তালৰ গুৰ উত্পাদনী উদ্যোগ

            ৬ -       গুৰ আৰু খান্দচাৰী কল

            ৭ -       ৰবৰ উদ্যোগ

            ৮ -       ঊলৰ কম্বল তৈয়াৰ কৰা উদ্যোগ

            ৯ -       হাইগ্ৰেড হস্ত নিৰ্মিতি কাগজ উদ্যোগ

            ১০ -     মৌ সংৰক্ষণ

            ১১ -      কূটীৰ জুঁইশলা তৈয়াৰী উদ্যোগ

            ১২ -     কাঠ শিল্প আৰু কমাৰশাল

            ১৩ -     গ্ৰামীণ মৃত্ শিল্প উদ্যোগ

            ১৪ -     চূণশিল উদ্যোগ

            ১৫ -     গেছ প্ৰকল্প উদ্যোগ

            ১৬ -     আঁহ উদ্যোগ

            ১৭ -     বাঁহ আৰু বেতৰ কাৰু শিল্প উদ্যোগ।