মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডৰ অধীনত প্ৰশিক্ষণ লওক

উত্তৰণকামী সংস্থা হিচাপে অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামোদ্যোগসমূহত গ্ৰামোদ্যোগ স্থাপন কৰিব পৰাকৈ অৰ্হতাসম্পন্ন কৰি গঢ়ি তুলি নিজাববীয়াকৈ জিৱীকা নিৰ্বাহৰ ব্যৱস্থা কৰাৰ লগতে আন যুৱক-যুৱতীসকলৰ বাবেও নিয়োজনৰ পথ প্ৰশস্ত কৰিব পৰাকৈ সক্ষম কৰি তোলাত বিশেষ গুৰুত্ব দি আহিছে। বোৰ্ডৰ অধীনত ৰহাত এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে। বিভিনন ধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা কেন্দ্ৰটোক বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ (মাল্টি ডিচিপ্লিনেৰী ট্ৰেইনিং চেণ্টাৰ চমুকৈ এম.ডি.টি.চি) বুলি নামাংকিত কৰা হৈছে।

ক্ৰমিক নংপাঠ্যক্ৰমৰ নামপাঠ্যক্ৰমৰ ম্যাদ

খাদী বয়ন প্ৰশিক্ষণ

৬ মাহ

 

কপাহী সূঁতা কটা প্ৰশিক্ষণ

২ মাহ

 

এড়ী সূঁতা কটা প্ৰশিক্ষণ

২ মাহ

 

গা ধোৱা তথা কাপোৰ ধোৱা চাবোন প্ৰস্তুতকৰণ প্ৰশিক্ষণ

২ মাহ

 আঁহৰে প্ৰস্তুত সামগ্ৰী নিৰ্মাণ প্ৰশিক্ষণ

১ মাহ

 

গ্ৰামীণ তেল কাৰিকৰী প্ৰশিক্ষণ

২ মাহ

 

মৌ পালনৰ চাৰ্টিফিকেট পাঠ্যক্ৰম

১ মাহ

 

মাষ্টাৰ পোটাৰ পাঠ্যক্ৰম

২ মাহ

 

ৰবৰৰ সামগ্ৰী নিৰ্মাণ পাঠ্যক্ৰম

২ মাহ

 

১০

ধূপ প্ৰস্তুত প্ৰশিক্ষণ

১ মাহ

 

১১

ৰং কৰা আৰু ছপা কৰা প্ৰশিক্ষণ

২ মাহ

 

১২

ফল-মূল আৰু শাক-পাচলি সংসাধন

২ মাহ

 

১৩

সাজপাৰ চিলাই প্ৰশিক্ষণ

২ মাহ

 

১৪

মমবাতি প্ৰস্তুত প্ৰশিক্ষণ

১ মাহ

 

 

প্ৰতিটো বিত্তীয় বৰ্ষৰ বিভিন্ন সময়ত উপৰিউক্ত প্ৰশিক্ষণসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হয়। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ বিধি নিয়ম অনুযায়ী প্ৰশিক্ষাৰ্থীসকলৰ থকা-খোৱাৰ উপৰি জলপানি আদি দিয়াৰো দিহা কৰা হয়।

 

যোগাযোগৰ ঠিকনা –

অধ্যক্ষ

বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ

ডাক – ৰহা, নগাঁও

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত, পিন- ৭৮২১০৩
(শ্ৰী অপূৰ্ব কুমাৰ মহন্ত, অতিৰিক্ত কাৰ্যবাহী বিষয়া তথা অধ্যক্ষ, ৰহা এম.ডি.টি.চি., ৰহা, মোবাইল নং – ০৯৪০১৩৩০৫২৫)

 

উপৰিউক্ত প্ৰশিক্ষণ কেন্দ্ৰৰ উপৰি অন্যান্য কেতবোৰ প্ৰশিক্ষণ তথা জনসজাগতা সৃষ্টিৰ উদ্দেশ্যে মাজে সময়ে কেতবোৰ উত্পাদন কেন্দ্ৰত অনুষ্ঠিত কৰা হয়। বোৰ্ডৰ অধীনস্থ তেনে কেতবোৰ কেন্দ্ৰ হল-

      ১। ধৰমতুল মৃত্ শিল্পজাত সাজ-বাচন উত্পাদন আৰু প্ৰশিক্ষণ কেন্দ্ৰ, মৰিগাঁও

      ২। গোপালথান হস্তনিৰ্মিত কাগজ উদ্যোগ, নলবাৰী

      ৩। ৰবৰ উদ্যোগ, মুখ্য কাৰ্যালয় চৌহদ, চানমাৰি, গুৱাহাটী-৩

      ৪ৰং কৰা আৰু ছপা গোট, মুখ্য কাৰ্যালয় চৌহদ, চানমাৰি, গুৱাহাটী

শেহতীয়া প্ৰশিক্ষণ –

১। ৰবৰ বেগ প্ৰস্তুত সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যক্ৰম ২০১৭ চনৰ ৩০ মাৰ্চৰ পৰা ৩০ মে’লৈ গুৱাহাটীৰ চানমাৰিস্থিত বোৰ্ডৰ মুখ্য কাৰ্যালয়ৰ ৰবৰ উদ্যোগ গোটত অনুষ্ঠিত হৈ যায়।

২। চানমাৰিস্থিত মুখ্য কাৰ্যালয় চৌহদত ৩০ মাৰ্চ,২০১৭ৰ পৰা ৩০ মে,২০১৭লৈ অনুষ্ঠিত হয় ৰং কৰা আৰু ছপা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যক্ৰম।

৩। গোপালথান হস্তনিৰ্মিত কাগজ উদ্যোগত ২০১৭ বৰ্ষৰ ২৮ মাৰ্চৰ পৰা ২৮ মেলৈ এক দুমহীয়া প্ৰশিক্ষণ কাৰ্যক্ৰম অনুষ্ঠিত হৈ যায়।

Downloads
TitleSizeDetail
File Application Form for Undergoing Training at AKVIB13.42 KBswf-image