মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

প্ৰদৰ্শনী আৰু সজাগতা শিবিৰ

প্ৰদৰ্শনী –

খাদী কাপোৰ সকলো ঋতু কিম্বা বতৰৰ বাবেই উপযোগী আৰু আৰামদায়ক। সেয়ে এনে কাপোৰৰ লগতে গগ্ৰামোদ্যোগক উত্পাদিত বিভিন্ন সা-সামগ্ৰী ব্যৱহাৰৰ বাবে ৰাইজক উদগণি দিয়াৰ লক্ষ্যৰে সময়ে সময়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শনী আদিৰ ব্যৱস্থা কৰা হয়।

শেহতীয়া প্ৰদৰ্শনী –

১। গুৱাহাটীৰ বৃন্দাবন গাৰ্ডেন চৌহদত ২০১৭ চনৰ ২ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ খাদী বস্ত্ৰৰ প্ৰদৰ্শনী আৰু বিপণনৰ ব্যৱস্থা কৰিছিল ‘ৰং’য়ে।

২। গুৱাহাটীৰ পশু চিকিত্সা মহাবিদ্যালয় খেলপথাৰত ২০১৭ চনত ৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ খাদী বস্ত্ৰৰ প্ৰদৰ্শনী আৰু বিপণনৰ ব্যৱস্থা কৰিছিল ট্ৰেণ্ড এম.এম.এছ. (ৰঙালি)য়ে।

৩। গুৱাহাটীত অনুষ্ঠিত নমামি ব্ৰহ্মপুত্ৰ মহোত্সৱথলীত খাদী বস্ত্ৰৰ প্ৰদৰ্শনী আৰু বিপণনৰ ব্যৱস্থা কৰা হৈছিল ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈ।

সজাগতা শিবিৰ –

            হাতেৰে প্ৰস্তুত কৰা কাগজ উদ্যোগ সম্পৰ্কীয় এক প্ৰদৰ্শনী তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছিল ২০১৭ চনৰ ১৮ ফেব্ৰুৱাৰীত, নলবাৰী জিলাৰ গোপালথানত। খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ বিশেষ সহযোগিতাত এই কাৰ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছিল।