মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Handloom Textiles & Sericulture অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ড (একেভিআইবি)

গ্ৰামোদ্যোগ

গ্ৰামাঞ্চলত স্থাপন কৰা উত্পাদনী তথা সেৱামূলক উদ্যোগ, সেয়া লাগিলে খাদী আৰু গ্ৰামোদ্যোগ আয়োগে সময়ে সময়ে নিৰ্দ্ধাৰিত কৰা শক্তি সঞ্চালিত হওঁকেইবা নহওক, সকলো উদ্যোগকে গ্ৰামোদ্যোগ বুলি অভিহিত কৰা হৈছে।

            গ্ৰামোদ্যোগসমূহক তলত উল্লেখ কৰা গোটত তালিকাভুক্ত কৰা হৈছে-

  • এম বি আই– মৃত্ শিল্প, জাত বাচন-বৰ্তন, চূণশিল উদ্যোগ
  • এ বি এফ আই– ফল-মূল আৰু শাক-পাচলি সংসাধন, মাহ-চাউল সংসাধন, গুড় আৰু খান্দচাৰি কল
  • পি চি বি আই– ৰবৰ, অভক্ষ্য তেল তথা চাবোন কাৰখানা, কুটী জুইশলা উদ্যোগ প্লাষ্টিক উদ্যোগ
  • এফ বি আই– মৌ সংৰক্ষণ, বনৌষধি প্ৰকল্প, বন-ভিত্তিক ক্ষুদ্ৰ উদ্যোগ
  • এইচ এম পি এফ আই– হস্তনিৰ্মিত কাগজ, আঁহ উদ্যোগ
  • আৰ ই বি টি– জৈৱ প্ৰযুক্তি, কঠ শিল্প তথা কমাৰশাল
  • এছ ই পি /সেৱা উদ্যোগ

অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে উন্নয়ন কৰা প্ৰধান সা-সামগ্ৰীসমূহ হল –মৌ, গ্ৰামীণ মৃত্ শিল্পজাত বাচন-বৰ্তন, সৰিয়হৰ তেল, লেডাৰৰ জোতা আদি। এনেবোৰ গোট অসম খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে বিভাগীয়ভাৱে পৰিচালিত কৰাৰ লগতে বিভাগীয় বিক্ৰীকেন্দ্ৰসমূহৰ দ্বাৰা এনে সামগ্ৰীৰ বিপণনৰ ব্যৱস্থাও কৰে বোৰ্ডে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা বিভিন্ন ঔদ্যোগিক গোটসমূহৰ জৰিয়তে এনে কাৰ্যক্ৰম ৰূপায়ণৰ ব্যৱস্থা কৰা হয়।

      ১। গ্ৰামী মৃত্ শিল্পজাত বাচন-বৰ্তন নিৰ্মাণ উদ্যোগ ধৰমতুল, মৰিগাঁও

      ২। সৰঞ্জাম কাৰ্যালয়, হেঙেৰাবাৰী, গুৱাহাটী

      ৩। সৰঞ্জাম নিৰ্মান কেন্দ্ৰ,হেঙেৰাবাৰী, গুৱাহাটী

      ৪। অভক্ষ্য তেল তথা চাবোন প্ৰস্তুত উদ্যোগ, ৰহা,নগাওঁ

      ৫। আঁহ উদ্যোগ, ৰহা,নগাওঁ

      ৬। ধূপ উদ্যোগ, ৰহা,নগাওঁ

      ৭। হস্তনিৰ্মিত কাগজ উদ্যোগ, গোপালথান, নলবাৰী

      ৮। ৰবৰ উদ্যোগ, মুখ্য কাৰ্যলয় চৌহদ, চানমাৰী,গুৱাহাটী

      ৯। হেঙেৰাবাৰী আদৰ্শ খাদী কেন্দ্ৰ, গুৱাহাটী

      ১০। ৰহা এম জি চি, নগাওঁ

      ১১। পাথৰি এম জি চি,নগাওঁ

      ১২। মৰিগাওঁ এম জি চি, মৰিগাওঁ

      ১৩। ঢেকিয়াজুলি এম জি চি, শোণিতপুৰ

      ১৪। মাজুলী এম জি চি, মাজুলী

      ১৫। নাজিৰা  এম জি চি, শিৱসাগৰ

      ১৬। দিচাংমুখ এম জি চি, শিৱসাগৰ

      ১৭। বৰমা এম জি চি, নলবাৰী

      ১৮। বঙাইগাওঁ এম জি চি, বঙাইগাওঁ

      ১৯। হাওৰাঘাট এম জি চি, কাৰ্বি আংলং

      ২০। মুছলপুৰ মৌ-উতপাদন আৰু উন্নয়ন কেন্দ্ৰ, বাক্সা

      ২১।  বঙাইগাওঁ মৌ-উতপাদন আৰু উন্নয়ন কেন্দ্ৰ, বঙাইগাওঁ

      ২২। কলাইগাওঁ মৌ-উতপাদন আৰু উন্নয়ন কেন্দ্ৰ, ওদালগুৰি